Advertisement

Breaking

6/recent/ticker-posts

সুস্বাস্থ্যৰ বাবে সুনিদ্ৰাৰ প্ৰয়োজনিয়তা কিমান গুৰুত্বপূৰ্ণ জানো আহক

আপুনি নিজকে শাৰীৰিক আৰু মানসিক ভাৱে ভাৱে সুস্থ, নিৰোগী আৰু সৱলহৈ থাকিবলৈ হলে, আপোনাক পৰ্য্যাপ্ত পৰিমাণৰ নিদ্ৰা অতিকে প্ৰয়োজনীয় ।আপোনাৰ দৈনন্দিন কাম-কাজ বিলাক সুচাৰুৰূপে পৰিচালনা হৈ থাকিবলৈ হলে সুনিদ্ৰাই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ।আজিকালি আমাৰ প্ৰায়বোৰৰ ক্ষেত্ৰ্তে অনিদ্ৰা এটা প্ৰ্ধান সমস্যাৰুপে দেখা দিছে ।সাধাৰণতে অনিদ্ৰাৰ পৰা আপুনি নিজকে আতৰত ৰাখিবলৈ হলে আপুনি আপোনাৰ শুৱাপাটিলৈ যোৱাৰ সময় আৰু লগতে দৈনন্দিন জীৱন প্ৰ্নালী সঠিক ভাৱে , সমান্তৰালভাৱে নিৰূপণ কৰাটো অতিকে প্ৰয়োজনীয় ।আচলতে অনিদ্ৰা বা ইনছ্মনিয়া মানেনো কি ?অনিদ্ৰা হল যেতিয়া এজন মানুহৰ সময়নুযায়ী টোপনি নাহে বা একবাৰেই নাহে তেন্তে তেনে এজন মানুহক অনিদ্ৰা ৰোগত ভুগা বুলি কব পাৰি ।সাধাৰণতে যিবিলাক ৰোগীয়ে অনিদ্ৰা ৰোগত ভুগে তেওলোকৰ সাধাৰণতে দেখা দিয়া লক্ষণ সমুহ হল মনোযোগ ব্যাঘাত জন্মা ,দুৰ্বল ,যিকোনো কামৰ প্ৰ্তি অনিহা, পুৱতি নিশাতেই সাৰ পোৱা নতুবা শেষ নিশালৈকে সাৰ পাই থকা ,দিনটোত যিকোনো সময়তে সতেহ অনুভৱ নকৰা ইত্যাদি ।চিকিৎসা বিজ্ঞানৰ মতে এজন সুস্থ মানুহে দিনটোত প্ৰায় আঠ ঘণ্টা সময় টোপনি যোৱা উচিত ,তেতিয়াহে তেওৰ শৰীৰৰ অংগ সমুহ সুচাৰুৰূপে কাৰ্য্যক্ষম হৈ থাকিব । তলত কিছুমান পদ্ধতি দিয়া হৈছে ,যাৰ সহায়ত আপুনি সুস্থ আৰু সৱল মনৰ লগতে ,নিজকে অনিদ্ৰাৰ পৰা অতি সহজতে আতৰত ৰাখিব পাৰিব ।

১। প্ৰ্তি নিশাই এক নিৰ্দিষ্ট সময় বান্ধি লওক , শোৱাপাটীলৈ যোৱাৰ ।যিমান পাৰে চেষ্টা কৰক যাতে এই সময় কেতিয়াও ভংগ নহয় ।সাৰ পাওক সদায় এক নিৰ্দিষ্ট সময়ত ,আপোনি যদি আগদিনাৰ নিশা প্ৰয়োজনীয় সময় খিনিত টোপনি গৈছে তেনে ক্ষেত্ৰত আপোনাক কোনো এলাম ক্লকৰ প্ৰয়োজন নহব ।তাৰোপৰি যদি কিবা কাৰণত আপোনাৰ নিশাৰ টোপনি কিছু ঘণ্টাৰ বাবে ব্যাঘাত হৈছে ,তেন্তে সেই ক্ষতি হোৱা টোপনি পুৰাবলৈ কিছু অতিৰিক্ত সময় বাছি উলিওৱাওক ।ফলত আপোনাৰ শোৱাৰ সময়ৰ কোনো তাৰতম্য নঘটে ।

২। নিশাৰ নিৰ্দিষ্ট সময়ৰ পুৰ্বেই যদি আপোনাৰ টোপনি আহিছে ,তেন্তে এনে কিছুমান  কাম বাছি লওক যি আপোনাক ব্যস্ত ৰাখিব ।উডাসৰনস্বৰুপে কোনোবা বন্ধুৰ লগত ফনত কথা ,এখন ভাল আলোচনী পঢ়ক নতুবা ,এক সুন্দৰ মধুৰ সংগীত শুনিব পাৰে ।তাৰোপৰি কিছুসময় খোজ কাঢ়িব পাৰে ।

৩। নিজৰ শোৱাকোঠাতো এনেভাৱে ৰাখক যাতে অনবৰতে নিৰৱতা অৱলম্বন হৈ থাকে ।উদাসৰনস্বৰুপে আকাশী জাহাজৰ শব্দ ,ৰেলৰ উকী ,যান-যটৰ শব্দ ,কল-কাৰখানাৰ চাইৰেন, জোৰেৰে বজোৱা মাইক্ৰ’ফোনৰ শব্দ ইত্যাদি ।এইবিলাকে আপোনাৰ টোপনিত যথেষ্ট ব্যাঘাত জন্মায় ,তাৰোপৰি কুকুৰৰ ভুক-ভুকনি, অন্য জীৱ-জন্তুৰ শব্দ,টেলিভিছন নাইবা ৰেডিঅ আদি শব্দই যাতে আপোনাৰ শুৱাকোঠাটো ধুকি নাপায় তাৰ প্ৰ্তি লক্ষ ৰখা উচিত ।নিজৰ শুৱনি কোঠাটো যথাসম্ভৱ অন্ধকাৰ আৰু শীতল ৰাখিবলৈ যত্ন কৰক ,প্ৰয়োজনতকৈ বেছি গৰম নতুবা প্ৰয়োজনতকৈ বেছি ঠাণ্ডাই আপোনাৰ টোপনিত ব্যাঘাত জন্মায় ।মহ ,পোক ,পৰুৱা আদিয়েও যাতে আপোনাৰ শুৱনি কোঠাটিত সোমাব  নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ।তাৰোপৰি আপোনাৰ শুৱা বিচনা খন যাতে খুব আৰামদায়ক হয় এই কথা মন ৰাখিব ।বহুতে টেলিভিশ্বনৰ সহায়ত টোপনি যাবলৈ চেষ্ঠা কৰে ,ই আপোনাক শুৱাৰ ক্ষেত্ৰ্ত অকনো সহায় নকৰে ,বৰঞ্ছ ই আপোনাৰ টোপনিত ব্যাঘাত হে জন্মায় ।নিশা শুৱাৰ  আগতে কেতিয়াও টেলিভিশ্বনৰ উত্তেজক দ্ৰ্শ্য ,নাইবা কোলাহল পুৰ্ন কোনো অনুস্থান নাইবা বোলছবি উপভোগ নকৰিব ।আজি কালি প্ৰায়ে নিউজ চেনেল বিলাকৰ প্ৰাইম টাইম নিউজ বা ৭ বজাৰ সান্ধ্য বাতৰি কেতবোৰ নিউজে বা খবৰে আপোনাক ব্যতিব্যস্ত কৰি তোলে ,এনে বোৰ খবৰে আপোনাক খুব চিন্তিত আৰু ভাবুক কৰি তোলে ,যাৰ ফলত আপোনাৰ টোপনিক বাৰুকৈয়ে ব্যাঘাত জন্মায় ।

৪। নিতৌ শুৱাৰ আগত একোখন ধৰ্মীয়মুলক গ্ৰন্থ নাইবা ধৰ্মীয় মন্ত্ৰ নাইবা নেদেখা জনক স্মৰণ কৰিব পাৰে ।তাৰোপৰি শুৱাৰ আগতে এক পাতলীয়া স্নানে আপোনাক যথেষ্ট সহায় কৰে ।নহলে এক পাতলীয়া সংগীত শুনিব পাৰে ।তাৰোপৰি দিনটোত ঘটি যোৱা ঘটনা ৰাজি বিলাক পুনৰ আওৰাব পাৰে ।আপোনি শুৱা বিছ্নাখনৰ কাষত কেতিয়াও এলাৰ্ম ক্লক ,ঘডী ,মবাইল ফন ,লেপ্টপ আদি নাৰাখিব ।শুৱা বিছ্না খনত কেতিয়াও লিখা-মেলা কাম নাইবা অন্য কোনো অফিচৰ কাম আদি  নকৰিব ।

৫। শুৱাৰ পুৰ্বে কেতিয়াও ৰাগিয়াল দব্য ,এলকহল ,চিগাৰেট ,চাহ, কফি আদি সেৱন কৰিব নালাগে ।এইবিলাক  অতি উত্তেজক বস্ত এইবিলাকে আপোনাৰ টোপনিক যথেষ্ট ক্ষতি সাধন কৰে ।তাৰোপৰি ৰাতিৰ আহাৰ সদায়েই কমকৈ খাব লাগে ,ভৰপেট ভোজন কৰি শুলে আপোনাৰ পাচন পক্ৰিয়া ব্যাঘাত হোৱাৰ লগতে টোপনিও ক্ষতি হয় ।পৰাপক্ষত এটি দেহৰ মাছাজ  কৰিব পাৰিলে ভাল ।শুৱাৰ প্ৰায় আধাঘণ্টাৰ পুৰ্বে এগিলাছ কুহুমীয়া গাখীৰ খালে আপোনাৰ দেহটিক শীতল কৰি তোলে ।

৬। দৈন্ন্দিন ব্যায়ামে আপোনাক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ আৰু সৱল কৰি ৰাখে ।দৈনিক আধঘ্ন্তা সময় ব্যায়াম কৰক , খোজ কাঢ়ক ,দৌৰক ,যোগাসন কৰক , মেডিতেচন কৰক , তাৰোপৰি পাৰ্থনাক আপোনাৰ নিত্যকৰ্ম হিচাবে গ্ৰহণ কৰক ।

৭। যদি আপোনাৰ অনিদ্ৰা ৰোগ অতি গুৰুতৰ হৈছে তেন্তে অকনো পলম নকৰাকৈ চিকিৎসকৰ কাষ চাপক ,হয়তু আপোনাৰ শৰীৰৰ কিছু সমস্যাৰ ফলত এইয়া হৈছে ।উদাসৰনস্বৰুপে এনজাইটি ,ডিপ্ৰেচন ,স্ত্ৰেচ আদি মানসিক ৰোগৰ ফলতো অনিদ্ৰা ৰোগ দেখা দিয়ে ।

ওপৰুক্ত নিয়ম সমুহ মানি চলিবলৈ চেষ্টা কৰক ।আৰু প্ৰ্কিতিৰ অপৰুপ দান এই বহুমুলীয়া জীৱনটিক সম্পুৰ্নভাৱে সুস্থ মানসিক আৰু সুস্থ শাৰীৰিক ভাৱে অতিবাহিত কৰক ।

Post a Comment

0 Comments