Advertisement

Breaking

6/recent/ticker-posts

প্রার্থনাৰ ঐশ্বৰিক শক্তি


আমি সকলোয়ে  আমাৰ নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰন কৰি নিতৌ পাৰ্থনা কৰো। প্রার্থনা পৰমাত্মাক কৰা এক পৱিত্র স্মৰণ, প্রার্থনাই মনক দিয়ে এক  অনাবিল শান্তি, পৰ আনন্দ আৰু  স্থিতি৷আমি সকলোৱে  বিপদৰ সময়ত এবাৰ হলেও নেদেখাজনক স্মৰন কৰো যাতে,আমাৰ সকলো সমস্যা, দুখ ,দুৰ্দশা ,ৰোগব্যাধি, অভাৱ অনাটন আদি বোৰ দুৰ কৰিবলৈ উপায় দিয়ে। সাধাৰণতে আমি পাৰ্থনা কৰো আমি আমাৰ প্ৰিয়জনৰ কাৰণে

,সন্তান আৰু পৃতি-মাত9ৰ সু-স্বাস্থ্য ,সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে। অধ্যয়নত প্ৰমান হৈছে যে প্রার্থনাই আমাক শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে মন ,মগজু আৰু শৰীৰটোৰ লগত এক সুস্থিৰ সামজঞ্চ্য ধৰি ৰখাত সহায় কৰে।

   প্রার্থনা হৈছে এক ব্যক্তিকেন্দ্ৰিক অভ্যাস আৰু ব্যক্তি সাপেক্ষে ভিন্ন হব পাৰে।কিন্ত সামগ্ৰিকভাৱে প্রার্থনা হৈছে নেদেখা জনক কৰা এক স্মৰন, যি আমাক মনোবল বৃদ্ধি কৰে, মনত অসীম সাহস আৰু আত্মবিশ্বাস গঢ়ি তোলে, জীৱনটোক অহৰ্নিশে গতি কৰি থাকিবলৈ প্ৰেৰণা দিয়ে। অবশ্যে বিজ্ঞ্যানৰ হাতত আজিলৈকে ইয়াৰ কোনো সদুত্তৰ নাই আমাৰ প্রার্থনা সমুহ নেদেখাজনৰ ওচৰ পাইগৈ নে নাই কিন্ত তথাপিও আমি সকলোৱে অধীৰ বিশ্বাসেৰে ,পৰম তৃপ্তিৰে অতীজৰে পৰাই শান্তিৰ সুত্ৰে প্রার্থনাক আকোৱালি লৈ আহিছো। প্রার্থনাই আমাক জীয়াই থাকিবলৈ অনুপ্ৰেৰণা জগায় ,আমাৰ মাজত থকা সম্পৰ্ক সমুহ সুদৃঢ় কৰি ৰখাত সহায় কৰে। আপোনি আপোনাৰ কোনোবা আপোনজন নাইবা কোনোবা বন্ধু এজনৰ হৈ নেদেখাজনৰ ওচৰত যদি প্রার্থনা কৰে দেখিব তেওৰ প্ৰ্তি আপোনাৰ বিশ্বাস, দায়িত্ব আৰু,শ্ৰদ্ধা দুগুনে বৃদ্ধি হয়। তাৰোপৰি প্রার্থনাই আপোনাৰ মনত তেওঁৰ প্ৰ্তি ত্যাগ আৰু ক্ষমাৰ মনোভাৱ যথেষ্ট বৃদ্ধি কৰে।যাৰ ফলত যিকোনো এটা সম্পৰ্ক অটুট থকাত  যথেষ্ট অৰিহণা জোগায়। সাধাৰণতে দেখা যায় বয়োজ্যেষ্ঠ সকলে প্রার্থনাক নিত্যকৰ্ম হিচাবে ব্যবহাৰ কৰে, অধ্যয়নত প্ৰ্মান হৈছে যি সকল লোকে প্রার্থনাক নিত্যকৰ্ম হিচাবে ব্যবহাৰ কৰে তেওলোকৰ মানসিক চাপ নিতৌ প্রার্থনা নকৰাসকলতকৈ যথেষ্ট বেছি।প্রার্থনাই আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰে, প্রার্থনাই আমাৰ মনৰ পৰা পৰ-চৰ্চা, নিন্দা, হিংসা, অহংকাৰ, ঘৃণা আদি বদ অভ্যাসৰ পৰা বিৰত ৰখাত সহায় কৰে, তাৰোপৰি আনক আনন্দ দিয়াৰ প্ৰ্ৱনতা মনত গঢ়ি তোলে।আপোনাৰ মনত কেৱল যোগাত্মক চিন্তাইহে থাই পাব। নিতৌ যদি আপোনি প্রার্থনা ,ধ্যান আৰু মেডিতেচন আদি কৰে আমাৰ শৰীৰতটোৰ প্ৰ্তিৰোধ ক্ষমতা বৃদ্ধিটো অৰিহনা জগায়। অধ্যয়নত প্ৰ্মান হৈছে প্রার্থনাৰ এনে এক ঐশ্বৰিক শক্তি আছে যি আমাৰ মানসিক ৰোগ সমুহ যেনে ডিপ্ৰেচন, এংজাইটি, স্ত্ৰেচ আদি ৰোগ সমুহো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।যিহেতু প্রার্থনাই আমাৰ মনত এক অনাবিল আনন্দ দিয়ে ফলত ডপামাইন নামৰ এক নিউৰট্ৰেঞ্চমিটাৰ মুকলি হয় যি আমাক অনবৰতে মনত যোগাত্মক চিন্তাৰ লগতে আনন্দ প্ৰ্দান কৰে।যি সকল লোকে নিতৌ প্রার্থনা কৰে তেওলোকৰ আয়ুস নকৰাসকলতকৈ যথেষ্ট বেছি। উদাসৰনসুৰুপে পুৰ্বৰ ঋষি মুনি সকল কেৱল ঈশ্বৰ আৰাধনা, ধ্যান ,মেডিটেচন আদিতে নিমগ্ন আছিল আৰু সেই সুত্ৰে তেওলোকৰ আয়ুস বেছি আছিল। প্রার্থনাই আমাক অতি নম্ৰ আৰু আমায়িক কৰি তোলে, সমস্যাৰে জৰ্জৰিত এই পৃথিৱীখনত অহৰ্নিশে যুজি থাকিবলৈ শক্তি প্ৰ্দান কৰে।

 

Post a Comment

0 Comments