Advertisement

Breaking

6/recent/ticker-posts

শিলিখা আৰু ইয়াৰ ঐশ্বৰিক গুন

আমি সকলোৱে শিলিখা খাও ,শুকুৱাই ,কেচাকৈ বা গুৰি কৰি , আয়ুৰ্বেদ শাস্ত্ৰৰ মতে শিলিখা স্বাস্থ্যৰ বাবে অতি উত্ত্ম ফল ।শিলিখা ভাল নোপোৱা মানুহ হয়তু খুব কমেই আছে ,অসমৰ গাওঁ-চহৰ আদি সকলোতে এজোপা হলেও শিলিখাৰ গছ দেখিবলৈ পোৱা যায় ।অতি সহজলভ্য এই ফলবিধক আয়ুৰ্বেদ শাস্ত্ৰত অতি গুৰুত্বপূৰ্ণ বুলিও কোৱা হয় আৰু বনৌষধিৰ ৰজা বুলিও কোৱা হয় ।যদিও আমি সকলোৱে ফলবিধক খাই ভাল পাও ,কিন্ত কোনেও হয়তু ইয়াৰ গুনাগুনৰ বিষয়ে অবগত নহয় ।অতি সহজলভ্য এই ফলবিধৰ এনে কিছুমান বৈশিষ্ট্য আছে যি আমাৰ শৰীৰৰ বাবে অতিকে উপকাৰী ।আমাৰ শৰীৰৰ নানান ধৰণৰ সৰু-বৰ বেমাৰত শিলিখা ব্যৱহাৰ কৰা হয় ।অৱশ্যে শিলিখাক সাধাৰণতে আয়ুৰ্বেদিক ঔষধ হিচাবে ব্যৱহাৰ কৰা হয় ।তলত শিলিখাৰ কিছু গুনাগুন আলোচনা কৰা হল । চুলি সৰা বন্ধ কৰাৰ ক্ষেত্ৰ্ত শিলিখা ব্যৱহাৰ কৰা হয় ।ভাৰতবষৰ কিছু কিছু ঠাইত মুৰৰ উফি আৰু ওকনি নিয়ন্ত্ৰণ কৰিবলৈ শিলিখা ব্যৱহাৰ কৰা হয় ।দৈনিক শিলিখাৰ তেল ব্যৱহাৰ কৰিলে আমাৰ চুলি সমুহ উজ্জ্বল ,মিহি আৰু সুন্দৰ হয় ।বজাৰত শিলিখাৰ পাউদাৰ আৰু তেল অতি সহজতে উপলব্ধ ।শিলিখাত প্ৰ্চুৰ পৰিমানে ভিটামিন-C পোৱা যায় ,তাৰোপৰি ইয়াত বিভিন্ন মিনাৰেল যেন ,ছেলেনিয়াম,মেংগানিজ ,পটাছিয়াম ,আইৰন আৰু কপাৰ আদি পোৱা যায় যি আমাৰ চাল খনৰ বাবে যথেষ্ট উপযোগী ।তাৰোপৰি শিলিখাত ষ্টিয়েৰিক এচিদ ,টেনিক এচিদ ,গেলিক এচিদ ,পালমেটিক এচিদ আদি পোৱা যায় যি আমাৰ শৰীৰৰ পৰা দুষিত পদাৰ্থু সমুহ বাহিৰ কৰাত সহায় কৰে ।চালৰ ব্ৰুণ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সুফল পোৱা যায় ,যিহেতু শিলিখা হৈছে এক প্ৰাকৃতিক এণ্টিবেক্টেৰিয়েল ।তাৰোপৰি চালৰ যিকোনো দাগ আৰু ঘা আদি গুচাবলৈও শিলিখা ব্যৱহাৰ কৰা হয় ।লগতে অধ্যয়নত প্ৰ্মান হৈছে যে সুয্যৰ আলত্ৰাভায়লেট ৰশ্মি আদিৰ পৰা বাচিবলৈও শিলিখাৰ ৰস চালত লগোৱা হয় আৰু সুফল পোৱা যায় ।তাৰোপৰি যিকোনো ধৰনৰ চালৰ এলাৰ্জী নিৰাময় কৰিবলৈ শিলিখা ব্যৱহাৰ কৰিব পাৰি ।শিলিখা আমাৰ শৰীৰৰ পাচন প্ৰনালীটো আৰু অধিক শক্তিশালী কৰি তোলে ।আমাৰ শৰীৰৰ পৰা অলাগতীয়াল তক্সিন সমূহ বাহিৰ কৰাত সহায় কৰে ,আৰু আমি খোৱা খাদ্য বস্ত সমুহ জীণ যোৱাত সহায় কৰে ।দৈনিক যদি এটাকৈ শিলিখা খোৱা যায় তেন্তে ইয়াৰ দ্বাৰা আমাৰ ভোক নিয়ন্ত্ৰণ কৰিব পৰা যায় ফলত পোনপটীয়াকৈ আমাৰ শৰীৰৰ ওজনৰ ওপৰত প্ৰভাৱ পৰে গতিকে অতি সহজেই ওজন কমাব পৰা যায় ।অৱশ্যে আয়ুৰবেদ চিকিৎসকৰ পৰামৰ্শনুযায়ীহে ইয়াৰ সঠিক পৰিমাণ খোৱা উচিত ।তাৰোপৰি শৰীৰৰ দুষিত তেজ সমুহ পৰিস্কাৰ কৰাত শিলিখাই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ।পেটৰ বহুতো সমস্যা নিৰাময় কৰাৰ ক্ষেত্ৰ্ত শিলিখা ব্যৱহাৰ কৰা হয় যেনে, কোষ্ঠকাঠিন্য ,এচিদিটি ,অজীৰ্ন,আলচাৰ ,বুকু-জ্ব্লা ইত্যাদি । শিলিখাত ফাইবাৰৰ পৰিমান যথেষ্ট বেছি যাৰ সহায়ত কোষ্ঠকাঠিন্য ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ইয়াক পাউদাৰ হিচাবে ব্যৱহাৰ কৰা হয় ।কোষ্ঠকাঠিন্য ৰোগত ভোগা ৰোগী সকলৰ বাবে ই শিলিখা এক মহৌষধ ।কাহ আৰু পানী লগা নিৰাময় কৰিবলৈ শিলিখা হৈছে এক প্ৰাকৃতিক ঘৰুৱা বিধান ।ইয়াৰ পাউদাৰ যদি মৌৰ লগত মিহলি কৰি খোৱা হয় তেন্তে অতি শীঘ্ৰেই সাধাৰন জ্ব্ৰৰ ,পানীলগা ,কাহ আদি ঠিক হয় ।বৰ্তমান বহমুত্ৰ ৰোগ সকলো শ্ৰেণীৰ মানুহৰ বাবে এক প্ৰ্ধান সমস্যা ,আমাৰ ভাৰতবৰ্ষতো বহমুত্ৰ ৰোগীৰ সংখ্যা দিনে দিনে বাঢি গৈছে ,এনে ক্ষেত্ৰত আয়ুৰ্বেদ শাস্ত্ৰৰ মতে দৈনিক পুৱা খালি পেটত যদি শিলিখাৰ পাউদাৰ খোৱা হয় তেন্তে তেজত শৰ্কৰাৰ পৰিমান যথেষ্ট খিনি কমি যায় ,অৱশ্যে ইয়াৰ সমানুপাতিকভাৱে ভাৱে দৈনিক ব্যায়াম আৰু পুষ্টিকৰ খাদ্য সমানেই আৱশ্যকীয় । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল ইয়াৰ কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নাই ।দৈনিক শিলিখা সেৱন কৰিলে আমাৰ শৰীৰৰ ইমিউন প্ৰনালীটো আৰু অধিক অধিক শক্তিশালী কৰি তোলে ।

Post a Comment

0 Comments