Advertisement

Breaking

6/recent/ticker-posts

টেনালি ৰামৰ সাধু




ৰজা কৃষ্ণ দেৱৰয় আছিল বিজয় নগৰৰ মহান প্ৰ্তাপী ৰজা ।আৰু ৰজাই তেওৰ ৰাজদৰবাৰ্ত ৮ জনকৈ উপদেষ্টা ৰাখিছিল ।আৰু টেনালি ৰামো সেই আঠজনৰ ভিতৰত এজন আছিল ।সেই আঠজনৰ ভিতৰত টেনালি ৰাম বৰ বুধিয়ক আছিল ।সেই সময়ত ৰজাৰ ৰাজ বাগিচাত এক বিশেষ ধৰণৰ বেঙৈনাৰ বাৰী আছিল ।সেই বিশেষ ধৰণৰ বেঙৈনা গছ বিলাক খুব দুৰ্লভ আছিল আৰু ৰজাই সেই বেঙেনাৰ আঞ্জা খাই খুব  ভাল পাইছিল কাৰণ সেই আঞ্জাৰ সোৱাদেই আছিল খুব পৃথক ।যিহেতু বাগিছাৰ  বেঙৈনা গছ বিলাক খুব দুৰ্লভ আছিল সেইয়ে ৰজাই বেঙেনাৰ বাগিছাখন খুব সজতনে আৰু চোকা পহৰাৰ মাজত ৰাখিছিল ,আৰু কোনেও যাতে বিনা অনুমতিত বাগিছাখনত প্ৰ্ৱেশ কৰিব নোৱাৰে তাৰ  বাবে তেওৰ প্ৰ্হৰীক কঠোৰ আদেশ দিয়া হৈছিল ।

    এদিনাখন ৰাজপ্ৰাসাদত সম্ৰাটে এখনি নৈশভোজৰ আয়োজন কৰিছিল আৰু সেই নৈশভোজত ৰজাই তেওৰ প্ৰিয় আঠজন উপদেষ্টাক নিমন্ত্ৰণ কৰিছিল ।আৰু সেই নৈশভোজতে ৰজাই আঠজন উপদেষ্টাক বেঙেনাৰ আঞ্জাৰে আপ্ৰায়িত কৰিছিল ।টেনালি ৰামেও সেই বেঙেনাৰ আঞ্জা খাই খুব ভাল পালে আৰু ভোজন শেষ কৰি খুব সন্তোষেৰে ঘৰলৈ বুলি ওভতিছিল। কিন্ত গোটেই পথছোৱাতেই টেনালি ৰামে সেই সুস্বাদু বেঙেনাৰ আঞ্জাখনৰ কথা মনত পেলাই গল ,সেই সোৱাদ যেন তেও জীৱনত কাহানিও পোৱা নাছিল ।ঘৰ পায়েই পোনছাটে টেনালী ৰামে তেওৰ পত্নীক ৰজাই খূওৱা সেই বেঙেনাৰ আঞ্জাখনৰ কথা কলে আৰু তেওৰ পত্নীৱেও স্বামীৰ কথাৰ লোভ সামৰিব নোৱাৰি স্বামীক তেওলোকৰ পুত্ৰৰ বাবে বেঙেনাৰ আঞ্জা খুওৱাৰ প্ৰ্স্তাৱ দিলে ।আৰু টেনালী ৰামক ৰজাৰ বাগিছাৰ পৰা অলপ বেঙেনা আনিবলৈ কাকুতি কৰিলে যাতে তেও বেঙেনাৰ আঞ্জা ঘৰতে প্ৰ্স্তত কৰিব পাৰে ।কিন্ত টেনালী ৰামে জানিছিল ৰজাৰ সেই বেঙেনাৰ বাগিছাখন খুব প্ৰিয় আছিল গতিকে তেও বিনা অনুমতিত বাগিছাৰ পৰা কোনোবাই বেঙেনা ছিঙা কাৰ্য্য সমুলি সহ্য নকৰিব ।আৰু কোনোবাই এনেকাৰ্য্য কৰা যদি কেনেবাকৈ ধৰা পৰে তেন্তে তেওৰ শাস্তি হব মৃতুদন্দ ।কিন্ত টেনালী ৰামৰ পত্নী আছিল আকোৰগুজ তেও ৰজাৰ বাগিছাৰ বেঙেনাৰ আঞ্জা খাবলৈ নাচোৰ-বান্দা হৈ পৰিল ।আৰু তেওলোকৰ একমাত্ৰ পুত্ৰ্ক বেঙেনাৰ আঞ্জা খোৱাবলৈ বুলি স্বামীক কলে ।টেনালী ৰামে তেওৰ পুত্ৰ্ক খুব মৰম কৰিছিল আৰু তেওৰ মনত এটা বুদ্ধি  খেলালে , তেওৰ একমাত্ৰ পুত্ৰই যেতিয়া ঘৰৰ ওপৰৰ পকা চালিত শুই আছিল তেতিয়া পুত্ৰ্ক জগাবলৈ তেও এক বাল্টি পানী পুত্ৰৰ গাত ধালি দিলে ,আৰু পুত্ৰ সাৰ পোৱাৰ লগে লগেই  পুত্ৰ্ক উদ্দেশ্যি কলে বৰষুন দিছে আৰু বলা তলত মায়ে ভাত দিছে খাবলৈ ।তললৈ গৈ পুত্ৰই তেওৰ তিতা কাপোৰযোৰ সলাই ললে আৰু মাকেও বেঙেনাৰ আঞ্জাৰে সৈতে নিজ সন্তানক নৈশ ভোজ কৰালে ।টেনালী ৰামেও পুত্ৰই শুনাকৈ পত্নিক উদ্দেশ্যী কলে বাহিৰত বৰষুণ দি আছে বেতাক ভিতৰতে শুব দিয়া ।

  পিছদিনাখন ৰজাই যেতিয়া তেওৰ বাগিছাৰ পৰা তিনটা বেঙেনা নাইকীয়া হোৱাৰ খবৰ পালে ৰজাই খঙত অগ্নিশৰ্মা হৈ ৰাজদৰবাৰত ঘোষনা কৰিলে কৰিলে যিয়েই প্ৰকৃত চোৰক চিনাক্ত কৰিব পাৰিব তেওক ওপযুক্ত পুৰস্কাৰেৰে পুৰস্কিত কৰা হব ।ৰাজদৰবাৰৰ অন্য সদস্যই টেনালী ৰামক মুঠেই ভাল নাপাইছিল আৰু তেওলোকেই পোনছাটেই এনে কায্যত টেনালী ৰাম জডিত আছে বুলি ৰজাক অৱগত কৰালে ।ৰজাই লগে লগে টেনালী ৰামক প্ৰ্শ্ন কৰিলে আৰু টেনালী ৰামেও এইবিষয়ে একোকে নাজানো বুলি ৰজাক জনালে ,সভাৰ অন্য উপদেষ্টা সকলে ৰজাক এইবাৰ টেনালী ৰামৰ পুত্ৰ্ক মাতি পথাবলৈ অনুৰোধ জনালে । টেনালী ৰামৰ পুত্ৰকো ৰাজদৰবাৰত মাতি প্ৰ্শ্ন কৰা হল যে যোৱা নিশা নৈশ আহাৰত তেও কি খাইছিল আৰু টেনালী ৰাম পুত্ৰই তপৰাই উত্তৰ দিলে সুস্বাদু বেঙেনাৰ আঞ্জা। পুত্ৰৰ এনে উত্তৰ শুনি সভাৰ বাকি উপদেষ্টা সকলে টেনালী ৰামক তেওৰ অপৰাধ স্বীকাৰ কৰিবলৈ উপদেশ দিলে ,লগে লগে টেনালী ৰামে উত্তৰ দিলে মোৰ পুত্ৰ কালি খুব শুনকালে শুই পৰিছিল হয়তু এইয়া তেও সপোনত দেখাপোৱা কথাখিনিহে কৈছে ।তেতিয়া সভাৰ উপদেষ্টা সকলে টেনালী ৰামৰ পুত্ৰ্ক প্ৰ্শ্ন কৰিলে কোৱাচোন তুমি কালি স্কুলৰ পৰা আহি ঘৰত কি কি কৰিলা ?পুত্ৰইও উত্তৰ দিলে স্কুলৰ পৰা আহি মই কিছু সময় খেলিলো তাৰ পিছত ঘৰৰ ছাদত শুবলৈ গলো ।কিন্ত যেতিয়া বৰষুন আহিল মোৰ দেউতাই মোক জগাই দিলে আৰু তললৈ আহি মৈ মোৰ তিতা চোলা যোৰ সলাই বেঙেনাৰ আঞ্জাৰে সৈতে নৈশ ৰ্ভোজন কৰিলো ।সভাৰ বাকি সকলো উপদেষ্টা আচৰিত হল যোৱাকলিটো এটোপালো বৰষুন দিয়া নাছিল ,গোটেই দিনটো ফৰকাল আছিল ।অৱশেযত সভাৰ সকলো উপদেষ্টাই পতিয়ন গল যে টেনালী ৰামৰ পুত্ৰই সচাকৈ সপোনহে দেখিছিল ।

  সভা ভংগ হোৱাৰ পিছত টেনালী ৰামে ৰজাক তেওৰ পুত্ৰ আৰু পন্তীৰ বেঙেনাৰ আঞ্জাৰ কথা কলে আৰু ৰজাৰ আগত ক্ষমা বিছাৰিলে , ৰজাইও কথাটি বুজি পালে আৰু চতুৰ টেনালী ৰামক তেওৰ বুদ্ধিৰ বাবে  শলাগিলে আৰু ভৱিষ্যতে এনে কাৰ্য্য নকৰো বুলি দিয়া প্ৰ্তিশ্ৰতিত ক্ষমা কৰি দিলে ।

Post a Comment

0 Comments