Advertisement

Breaking

6/recent/ticker-posts

কভিদৰ সময়ৰ মানসিক উদ্দিগ্নতা




সমগ্ৰ বিশ্ব বৰ্তমানে যি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে স্বাভাৱিকতে আমি সকলোৱে মানসিক ভাৱে ভাৰাক্ৰান্ত হৈ পৰিছো ।অনবৰতে যেন আমি এক অজান ভয়, উৎকন্থা আৰু শংকাত দিন কটাবলগীয়া হৈছে। কৰনা মহামাৰীৰ কবলত সমগ্ৰ বিশ্বই বৰ্তমানে চকুলো টুকিছে সকলোতে কেৱল মৃতুৰ সংবাদ ।২০১৯ চনৰ ডিচেম্বৰ মাহৰ শেষৰফালে চীনৰ ৱুহান প্ৰ্দেশত আৰম্ভ হোৱা এই কভিদ ১৯ মহামাৰীয়ে যে এদিন এনেকৈয়ে ম্ৰ্ত্যুৰ বিভীষিকাৰ সৃষ্টি কৰিব হয়তু কোনেও সপোনতো ভবা নাছিলো। সমগ্ৰ বিশ্বতে লাখ লাখ লোকে এই মহামাৰীৰ কবলত মৃত্যু মুখত পৰিব লগা হৈছে। বহুতে ঘুণীয়া হছে. আত্মিয়-কুটুম্বক হেৰুৱাইছে ।তাৰ পিছতে সমগ্ৰ বিশ্বতে একাদিক্ৰমে লকডাউনৰ পক্ৰিয়া আৰম্ভ হল ,যি এই শতিকাত বাস কৰা মানব জাতিৰ বাবে একেবাৰে নতুন আছিল। আমি কোনো দিনে ছাগৈ এনেকোৱা এটা বিপয্যয়ৰ বাবে মানসিক ভাৱে প্ৰ্স্তুত নাছিলো। হঠাতে সৃষ্টি  হোৱা অভাৱনীয় এনে এক পৰিস্থিতিত আমি সকলোৱে নিজকে মানসিক ভাৱে সুস্থ আৰু সৱল কৰি ৰখাটো বৰ সহজ কথা নহয়। আমি ২০২০ৰ যিখন প্ৰ্থিৱীত বসবাস কৰিছিলো, সেইখনতকৈ বৰ্তমানৰ পৃথিৱী খন যেন সম্পূৰ্ণ পৃথক। বৰ্তমানৰ এই পৰিস্থিতিত নিজৰ লগতে পৰিয়ালটিক, আপোনজনক, পৃতি-মাতৃ-সন্তানক সুৰক্ষিত আৰু সংযম কৰি ৰখাটো খুবেই গুৰুত্বপূৰ্ণ। আমি এইটো মনত ৰখা উচিত যে কভিদ মহামাৰীৰ ফলত হোৱা মৃত্যুৰ তুলনাত সুস্থ হোৱা ৰোগীৰ সংখ্যা বহুগুণে বেছি ।আমি যদি ইতিহাস সুৱৰী চাও তেন্তে আমি দেখিম যে মানৱ জাতিয়ে এনেকোৱা বহুতো মহামাৰী জয় কৰি আহিছে, উদাসৰণস্বুৰুপে ১৯১৮ চনত হোৱা স্পেনিছ ফ্লু। গতিকে আমি কভিদ ১৯ কো জয় কৰিবলৈ সক্ষম হম এইয়া নিশ্বিত।গতিকে আমি কোনো কাৰণতেই হতাশ হোৱা অনুচিত ,প্ৰ্তি মুহুত্বতে আমি সজাগ আৰু সচেতেন হৈ থকা উচিত যাতে আমি এই মহামাৰীৰ সৈতে নিৰ্ভয়ে যুজ দিব পাৰোঁ আৰু নিজৰ লগতে পৰিয়ালটোক প্ৰ্তিটো সময়তে সাহসী আৰু যোগাত্মক কৰি ৰাখিবলৈ চেষ্টা কৰো। আমি সময়ক বিশ্বাস কৰা উচিত সময় যিহেতু পৰিবৰ্তনশীল গতিকে সময়ৰ সোতত এই মহামাৰীও এদিন নাইকীয়া হব।মনত ৰাখিব এই পৰিস্থিতিত আপোনিয়েই কেৱেল অকলশৰীয়া নহয়

সমগ্ৰ বিশ্ব এই মহামাৰীৰ কৱলত পৰিছে, গতিকে আমি সকলোৱে মিলিহে এই বিপয্যয়ৰ পৰা প্ৰৰিত্ৰাণ পাব লাগিব।

   আমি যেতিয়া মহামাৰীৰ এই লকডাউনৰ সময়ছোৱাত ঘৰত থাকো তেতিয়া অনবৰতে আমি স্মাৰ্ট ফন নাইবা টেলিভিশ্বনৰ পৰ্দাত বৰ্তমান কভিদৰ সময়ৰ বা-বাতৰি লবলৈ অধীৰ আগ্ৰহী হৈ পৰোঁ।আমি এইটোও জনা উচিত যে স্মাৰ্ট ফন নাইবা টেলিভিশ্বনৰ পৰ্দাত প্ৰ্দশন কৰা সকলো বোৰ খবৰ সচা নহবও পাৰে,  চাৰিওফালে কেৱল মাত্ৰ সংক্ৰমণ আৰু মৃত্যুৰ খবৰে আপোনাক মানসিক ভাৱে অস্থিৰ আৰু ভয়-ভীত কৰি তুলিব পাৰে।কাৰণ ভয়ে কোনো সমস্যাৰ সমাধান সুত্ৰ দিব নোৱাৰে ,আপোনি অনবৰতে কভিদৰ খবৰ বিচাৰি ফুৰাটো একেবাৰে অনুচিত।অনবৰতে এই খবৰ লৈ থাকিলে আপোনি এনক্সাইটি ৰোগত পৰাৰ সম্ভাৱনা যথেষ্ট থাকে। ৰাতিপুৱা শুই উঠিয়েই আৰু নিশা শুৱাৰ পুৰ্বে কেৱল যদি আপোনি কভিদৰ খবৰে বিছাৰি ফুৰে তেন্তে আপোনি মানসিক ভাৱে অসুৰক্ষিত অনুভৱ কৰিব পাৰে। ই আপোনাৰ টোপনিত ব্যঘাত জন্মাব আৰু লগতে পিছদিনা আপোনি গোটেই দিনটোৰ কাৰণে সুস্থ অনুভৱ নকৰিবও পাৰে।গতিকে পৰাপক্ষত কেৱেল দিনটোৰ অন্ততহে মাত্ৰ ১০-১৫মিনিটৰ কাৰনেহে বৰ্তমানৰ কভিদ সম্বন্ধীয় বা-বাতৰি বোৰ লবলৈ চেষ্টা কৰা উচিত। যিমান পাৰে সিমান নিজৰ আপোন পৰিয়ালটিৰ লগত সময় কটোৱা উচিত।পৰিয়ালৰ সকলো সদস্যৰ লগতে হাহী ,তামাচা কৰি সময়বোৰ অতিবাহিত কৰা উচিত।কাৰন লকডাউনৰ সময়ছোৱাত আপোনি অপোনাৰ পৰিয়ালটিৰ লগত যথেষ্ট সময় পায়। নিজকে খুব প্ৰশংসা কৰক বিগত সময়ছোৱাত আপোনি কি দৰে আপোনি অপোনাৰ লগতে আপোনাৰ পৰিয়ালটিক কভিদৰ সংক্ৰ্মনৰ পৰা মুক্ত কৰি ৰাখিছে। আপোনাৰ লগতে আপোনাৰ পৰিয়ালটি ভয়ংকৰ কভিদ ১৯ মহামাৰীৰ পৰা মুক্ত মানে আপোনাৰ আত্মীয় ,মিটিৰ-কুটুম্ব, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱ আদি সকলোৱে মুক্ত অৰ্থাৎ আপোনাৰ সমাজ খন মুক্ত। যিহেতু লকদাউনৰ সময়ছোৱাত আপোনি যথেষ্ট সময়পাইছে নিজৰ বাবে গতিকে এনে কিছুমান অভ্যাস গঢ়ি তোলক যি আপোনাক মানসিক প্ৰ্শান্তি দিব পাৰে যেনে –নতুন এটা ৰাষ্ট্ৰীয় নাইবা আন্ত-ৰাষ্টীয় ভাষা শিকিব পাৰে, লেখা-মেলাৰ অভ্যাস কৰিব পাৰে, নতুনকৈ ৰন্ধা-বঢ়াৰ কাম শিকিব পাৰে, ইউটিউবৰ যোগেদি  ভিন্ন ভিন্ন হবি শিকিব পাৰে, তাৰোপৰি মানসিক ভাৱে সুস্থ আৰু সৱল হৈ থাকিবলৈ যোগ আৰু মেডিটেচন শিকিব পাৰে। এই সময়ছোৱাত দৈনিক খোজকঢ়া আৰু ব্যায়াম খুবেই গুৰুত্বপূৰ্ণ।যোগ আৰু মেডিটেচনে আপোনাক মানসিক ভাৱে সুস্থিৰ কৰি ৰখাত যথেষ্ট সহায় কৰে। তাৰোপৰি দৈনিক পুষ্টিকৰ খাদ্য গ্ৰ্হণ কৰি শৰীৰটো নিৰোগী কৰি দেহৰ ইমিউন প্ৰ্ণালীটো শক্তিশালী কৰি ৰাখিবলৈ পাৰ্য্যমানে চেষ্টা কৰিব লাগে। এই মহামাৰীৰ সময় ছোৱাত যিহেতু আমি সামাজিক দুৰত্ব মানি চলিব লাগে কিন্ত তথাপিও আমি ডিজিটেল পদ্ধতিৰ সহায়ত বিভিন্ন ধৰণৰ ছচিয়েল মাধ্যমৰ যোগেদি পৰিয়াল বৰ্গ, বন্ধু-বান্ধৱৰ লগত সুদৃঢ় সম্পৰ্ক ৰক্ষা কৰি চলাটো খুবেই গুৰুত্বপূৰ্ণ, ই আপোনাক যথেষ্ট সাহস প্ৰ্দান কৰে।অৱশ্যে ছচিয়েল মিডিয়াত বহুটো ঋণাত্মক খবৰ প্ৰচাৰ হয় এনেক্ষেত্ৰ্টো আপোনি যথেষ্ট সাৱধান হোৱা উচিত। টোপনিক যিমান পাৰে প্ৰাধান্য দিয়ক দৈনিক ৭ৰ পৰা ৮ঘণ্টা পৰ্যন্ত শোৱক ,কাৰণ আপোনাৰ এনেসময়ছোৱাত শোৱাৰ সময়ৰ কিছু তাৰতম্য ঘটিলে আপোনি ৰোগীয়া হৈ পৰিব পাৰে।লকডাউনৰ সময়ছোৱাত যিসকল লোকে দৈনিক হাজিৰা কৰি পেটে ভাতে খাই থাকে তেওলোকে যথেষ্ট খিনি অসুবিধাৰ সন্মুখীন হয় তেওলোককো যদি আপোনাৰ সামৰ্থনুযায়ী সহায় কৰিব পাৰে দেখিব আপোনি মনত খুব আনন্দ লাভ কৰিছে। ইতিমধ্যে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো কভিদ ১৯ ভেকচিনৰ টিকাকৰনৰ পক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ হৈছে গতিকে আপোনিও আৰু আপোনাৰ পৰিয়ালে অতিশীঘ্ৰেই এই ভেকচিন লওক আৰু এই মহামাৰীৰ পৰা সুৰক্ষিত থাকক আৰু লগতে জনসমাগম ত্যাগ কৰক বাহিৰত গলে সকলো সময়তে মাস্ক পৰিধান কৰক আৰু সামাজিক দুৰত্ব বজাই ৰাখি কভিড ১৯ সংক্ৰ্মন ৰোধ কৰাত সহায় কৰক।

Post a Comment

0 Comments