Advertisement

Breaking

6/recent/ticker-posts

সু-স্বাস্থ্যৰ বাবে কঠালৰ গুটি

কঠাল এছিয়া মহাদেশত  হোৱা এবিধ খুব  জনপ্ৰিয় ফল।।বৰ্তমান হৈছে কঠালৰ বতৰ, অসমৰ গাওঁ-চহৰ আদি সকলোতে এজোপা হলেও কঠালৰ গছ দেখিবলৈ পোৱা যায় , আমাৰ সকলোৰে ঘৰতে নিশ্ব্য়কৈ অন্ততঃ এজোপা হলেও কঠাল গছ আছে ।অতি সহজলভ্য এই সুস্বাদু ফলবিধক ফলৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল বুলিও কোৱা হয় ।যদিও আমি সকলোৱে এই সুস্বাদু ফলবিধক খাই ভাল পাও ,কিন্ত কোনেও হয়তু ইয়াৰ গুনাগুনৰ বিষয়ে অবগত নহয় ।অতি সহজলভ্য এই সুস্বাদু ফলবিধক ফলৰ ভিতৰত ৰ্আটাইতকৈ ডাঙৰ  বুলি কোৱাৰ ওপৰিও ইয়াৰ ফলত আমাৰ শৰীৰৰ যথেষ্টখিনি উপকাৰ সাধন হয় ।তলত কঠালৰ কিছু গুনাগুন আলোচনা কৰা হল ।

   ইয়াৰ বৈজ্ঞানিক নাম হৈছে আৰটকাৰপাচ হিটাৰফাইলাচ (Artocarpus heterophyllus) । ইয়াৰ মিঠা সোৱাদ আৰু সহজলভ্যতাৰ কাৰণে ই এবিধ খুব জনপ্ৰিয় ফল।আপোনালোকে  জানেনে কঠালৰ ফুটা বোৰৰ লগতে ইয়াৰ গুটিবোৰৰ কিমান ঔষধিয় গুণ আছে , এই গুটিসমুহ নানান ঔষধিয় গুণেৰে ভৰপূৰ।ইয়াৰ গুণাগুন আৰু চাহিদা বৰ্তমানে গুটেই বিশ্বজুৰি বৃদ্ধি পাইছে। আমাৰ অসমতো কঠালগুটিৰ জনপ্ৰিয়তা খউব বেছি আমি সাধাৰণতে কঠাল গুটিৰ পিটিকা ,আঞ্জা নহলে দাইলত দি খাও। অবশ্যে ইয়াৰ নানান ৰকমৰ ব্যঞ্জন আছে।

 কঠালৰ গুটিত ৰাইবফ্লেভিন আৰু থাইয়েমিন নামৰ নিউট্ৰিয়েণ্ট পোৱা যায়।যি আমি খোৱা খাদ্য শক্তিলৈ ৰুপান্তৰিত কৰে। ইয়াত প্ৰ্চুৰ পৰিমাণে প্ৰ্টিন ,কাৰ্বহাইাড্ৰেট ,দাইয়েটেৰী ফাইবাৰ, ভিটামিন, পটাছিয়াম, কেলচিয়াম ,জিংক ,মেংগানিজ, মেগনেছিয়াম, আইৰণ আৰু কপাৰ পোৱা যায়। তাৰোপৰি ইয়াত এণ্টি-মাইক্ৰবিয়েল কম্পাউণ্ড যথেষ্ট পৰিমাণে পোৱা যায় যি আমাৰ শৰীৰত যিকোনো ধৰণৰ বেক্টেৰিয়েল স্ংক্ৰ্মণ ৰোধ কৰাত সহায় কৰে। কঠালৰ গুটিত যথেষ্ট প্ৰ্টিন পোৱা যায় যি আমাৰ শৰীৰৰ ইমিউণ প্ৰ্ণালীটো শক্তিশালী কৰি ৰখাত উল্লেখনীয় ভুমিকা পালন কৰে। তাৰোপৰি ইয়াত ভিটামিন –এ আৰু ভিটামিন –চি ৰ মাত্ৰা যথেষ্ট বেছি । কৰ্কট ৰোগ প্ৰ্তিৰোধৰ ক্ষেত্ৰ্টো  কঠালৰ গুটিৰ যথেষ্ট অৰিহণা আছে কাৰন ইয়াত কৰ্কট ৰোগ প্ৰ্তিৰোধৰ বাবে প্ৰয়োজনীয় লিগনানচ ,ছাপনিনচ ,ফাইট-নিউট্ৰিয়েণ্টচ প্ৰ্চুৰ পৰিমাণে পোৱা যায়। এই আটাইবোৰ উপাদানে আমাৰ শৰীৰটোক ফ্ৰী-ৰেডিকেলৰ পৰা ৰক্ষা কৰে। আপোনি যদি অজীৰ্ন আৰু বডহজম আদি ৰোগত ভগিছে তেন্তে কঠালৰ গুটি হৈছে উৎকৃষ্ট আহাৰ। কাৰণ ইয়াত থকা নিউট্ৰিয়েণ্ট বিলাকে আমি খোৱা খাদ্য পাচন কৰাত সহায় কৰে। তাৰোপৰি কঠালৰ গুটিত  যথেষ্ট পৰিমাণে ,দাইয়েটেৰী ফাইবাৰ পোৱা যায় , যি আমাৰ পেটৰ নানান ৰোগ যেনে আলচাৰ ,ডিচেণ্ট্ৰী ,ডায়েৰীয়া আদিৰ বাবে উপকাৰী। ইয়াত থকা ভিটামিন-এ আমাৰ চকুযুৰী শক্তিশালী কৰি ৰখাত সহায় কৰে। যি সকল লোকৰ ভিটামিন-এ ডেফিচিয়েঞ্চি আছে তেওলোকে কঠালৰ গুটি খোৱাটো খুবেই প্ৰয়োজনীয়। কাৰণ ভিটামিন-এ আমাৰ চকুযুৰীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় নিউট্ৰিয়েণ্ট ।আজিকালি আমাৰ সকলোৰে  ব্যস্ততাপুৰ্ন জীৱন শৈলীত অভ্যস্ত হৈ পৰিছো আৰু সকলোৱে অতি সহজতে মানসিক ভাৱে ভাৰক্ৰান্ত হৈ পৰোঁ, অধ্যয়নত গম পোৱা গৈছে যে কঠালৰ গুটি সেৱন কৰিলে আমাৰ মানসিক ভাৰসাম্যতা অটুত ৰখাত যথেষ্ট সহায় কৰে। কঠালৰ গুটিত আইৰনৰ মাত্ৰা যথেষ্ট বেচি গতিকে এনিমিয়া আৰু  তেজৰ বিভিন্ন ৰোগৰ বাবে ই মহৌষধ। শৰীৰ-চৰ্চাবিদ সকলে তেওলোকৰ দৈনিক খাদ্য তালিকাত কঠালৰ গুটি যোগ দিব পাৰে কাৰন ইয়াত প্ৰ্চুৰ পৰিমাণে প্ৰ্টিন পোৱা যায় আমাৰ মাংসপেশী সমুহ মজবুত আৰু শক্তিশালী কৰি ৰখাত ই সহায় কৰে, যি সকলে উচ্চ-ৰক্তচাপত ভুগি আছে তেওলোকে কঠালৰ গুটি সেৱন কৰিলে উচ্চ-ৰক্তচাপ নিয়ন্ত্ৰণত অহাৰ সম্ভাৱনা আছে কাৰণ ইয়াত পটাছিয়ামৰ্ মাত্ৰা বেছি যি উচ্চ-ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

 

 

Post a Comment

0 Comments