Advertisement

Breaking

6/recent/ticker-posts

এপ্ৰিল ফুল ডে কেনেকৈ আৰম্ভ হৈছিল




তোমালোক সকলোৱে নিশ্বয় ‘এপ্ৰিল ফুল ডে’ৰ কথা জানা বা শুনিছা ।এই দিনটোত তোমালোক সৰু বৰ সকলোৰে লগত স্ফূৰ্তি-ধেমালি কৰা নহয় জানোঁ ।কি কি যে নকৰা ,কাৰোবাক মুৰ্খ সজোৱা ,কৰোবাক খং উঠোৱা ,কাৰোবাক আকৌ হহুৱাই হহুৱাই পেট বিষোৱাই দিয়া ।এইদিনটোত তোমালোকে তোমালোকৰ বন্ধু –বান্ধ্বৱ ,দাদা-ভাইটি ,বাইদেউ হতৰ লগতে মা-দেউতা আৰু ককা-আইতাকো মুৰ্খ সজোৱা বা ধেমালি কৰা নহয় জানোঁ ।তোমালোকৰ বাৰু  জানিবৰ  মন  নাযায় নে এই দিনটোক নো কিয় মিছা কথা  কোৱাৰ  দিন নতুবা আনক মুৰ্খ সজোৱাৰ দিন হিচাবে পালন কৰা হয় । আহাচোন  সমগ্ৰ  বিশ্বই  প্ৰ্তিবছৰে ইংৰাজী ১ এপ্ৰিল তাৰিখে পালন কৰি অহা এই ‘এপ্ৰিল ফুল ডে’ ৰ দিনটোৰ উৎপত্তিৰ বিষয়ে কিছু কথা জানো ।

   আচলতে কিছুমান উৎসৱ ৰীতি নীতি আদি, নিদিষ্ট এটা সময় ,পৌৰানিক দস্তুৰ আদিৰ সঠিক উৎপত্তিৰ বিষয়ে সঠিককৈ কব পৰা নাযায় ।এইবিলাকক আমি কেৱল মাথো পালনহে কৰোঁ ।ইয়াৰ কোনো সঠিক ব্যাখ্যা দিয়াটোও টান ।ঠিক তেনেদৰে এপ্ৰিল ফুল ডে এনে এটা দিন ,যদিও আমি এই দিনটোক পালন কৰো কিন্ত তথাপিও ইয়াৰ কোনো এক নিদিষ্ট ব্যাখ্যা নাই ।বহুতো পণ্ডিতে এই দিনটোৰ বিষয়ে যথাসম্ভৱ মন্তব্য ডাঙি ধৰিবলৈ চেষ্টা কৰিছিল যদিও ইয়াৰ কোনো সত্যাসত্যতা নাই ।কিন্ত তথাপিও পৌৰাণিক লোককথা অনুযায়ী এপ্ৰিল ফুল ডে প্ৰথম আৰম্ভ হৈছিল ফ্ৰাণ্স দেশত , যেতিয়া ইংৰাজী কেলেণ্ডাৰ খন নতুনকৈ সজোৱা হৈছিল, নতুনকৈ সজোৱা সেই কেলেণ্ডাৰ খন পোনপ্ৰ্থমে গ্ৰহণ কৰিছিল সেই ফ্ৰান্স দেশেই ।নতুনকৈ সজোৱা সেই কেলেণ্ডাৰ খনৰ অনুসৰি বছৰৰ প্ৰ্থমটো দিন আৰম্ভ হৈছিল ১ এপ্ৰিলৰ পৰাহে আৰু এই ১ এপ্ৰিল দিনটোতে সকলোৱে ইজনে আনজনক নতুন বছৰৰ ওলগ জনাইছিল আৰু নতুন নতুন বস্তৰ আদান-প্ৰ্দান আদি কৰিছিল আৰু বছৰৰ প্ৰ্থমটো দিন বুলি সকলোৱে গ্ৰ্হন কৰিছিল , আৰু নিজকে সেই অনুসৰি প্ৰ্স্তত কৰি লৈছিল। কিন্ত ১৫৮২ খ্ৰীষ্টাব্দত ৰজা পপ  গ্ৰেগৰীয়ে  সকলোকে আদেশ দিছিল যে বছৰটো আৰম্ভ হোৱা উচিত ১ জানুৱাৰীৰ পৰাহে ।যিহেতু ৰজাৰ আদেশ ,গতিকে সকলোৱে পুনৰ ১ জানুৱাৰী দিনটোক বছৰৰ প্ৰথমটো দিন হিচাবে মানিবলৈ ধৰিলে ।কিন্ত সেই সময়ত এনে কিছুমান লোক আছিল যি ৰজাৰ এই আদেশ সমুলি গ্ৰহণ কৰা নাছিল ,বৰঞ্চ ৰজাৰ এই আদেশক বিৰোধিতাহে কৰিছিল ,আৰু ৰজাৰ তেনে আদেশক অমান্য কৰি ১ এপ্ৰিল দিনটোকে পুনৰ বছৰৰ প্ৰ্থমটো দিন হিচাবে  গ্ৰহণ কৰিছিল বা আকোৱালি লৈছিল ।ৰজাৰ আদেশ অমান্য কৰা এই লোকসকলক ৰজাঘৰীয়া আৰু সাধাৰণ জনতাই হাহি , ঠাট্টা ,ইতিকিং আৰু  ভেঙোচালী আদি কৰিবলৈ ধৰিছিল আৰু তেওলোকলৈ নানান হাহি , ঠাট্টা ,মচকৰা ,ইতিকিং আৰু  ভেঙোচালী আদি কৰি শুভেচ্চা নাইবা শুভেচ্চা পত্ৰ আদি পঠি্যাবলৈ ধৰিছিল ।আৰু প্ৰ্তিবছৰে সেই ১ এপ্ৰিল দিনটোৰ পৰাই ৰজাৰ আদেশ বিৰোধী লোক সকলক বিভিন্ন হাহি , ঠাট্টা ,মচকৰা ,ইতিকিং আৰু  ভেঙোচালী আদি কৰি শুভেচ্চা নাইবা শুভেচ্চা পত্ৰ পঠিওৱা পৰম্পৰা আৰম্ভ হয় ।ঠিক তেনেদৰে আমাৰ  লগতে সমগ্ৰ বিশ্বই ১ এপ্ৰিল দিনটোক ‘এপ্ৰিল ফুল ডে’ নাইবা আনক মুৰ্খ সজোৱা দিন হিচাবে পালন কৰি আহিছোঁ ।

Post a Comment

0 Comments