Advertisement

Breaking

6/recent/ticker-posts

আপোনি বাৰু কি কি ফবিয়াতত আক্ৰান্ত ?



সাধাৰনতে মানুহে তেওলোকৰ গোটেই জীৱনকালত কেৱল শাৰীৰিক আঘাটতে ক্ষান্ত নাথাকে ,জীৱনৰ কোনো কোনো এক মুহুত্বত নাইবা পৰিস্থিতিত কোনোৱে নহয় কোনোৱে ,হয়তু মানসিক আঘাতৰো সন্মুখীন হব লগীয়া হয় ।হঠাতে ঘটা এনে কিছুমান ঘটনা বা পৰিস্থিতিয়ে মানুহৰ জীৱনত এনেকুৱা কিছুমান প্ৰ্ভাৱ বিস্তাৰ কৰে যাৰ ফলত আমি কেতিয়াবা মানসিক ভাৱে ভাৰাক্ৰান্ত হৈ পৰোঁ ।আমি হয়তু কেতিয়াবা এনে পৰিস্থিতিৰ লগত খুব সহজেই সন্মুখীন হও ,আৰু জয় লাভ কৰো ।উদাসৰনস্বৰুপে আমি হাহো নাইবা কান্দো , আমাৰ খং উঠে নতুবা বেছিভাগ ক্ষেত্ৰতে আমি পাহৰি যাওঁ ।কিন্ত যেতিয়া আমাৰ এই মানসিক সমস্যা বিলাক অতি গুৰুতৰ হয় , আৰু এইবিলাকক প্ৰ্তিৰোধ কৰিবলৈ আমি অক্ষম হওঁ ,তেতিয়া আমাৰ  মনত কিছুমান লক্ষণৰ সৃষ্টি হয় ,এই সমস্যা বিলাক বিৰুদ্ধে যুজ দিবলৈ ,সৃষ্টি হোৱা এনে লক্ষণ বা প্ৰ্তিকাৰ সমুহেই হৈছে ফবিক ৰিয়েকচন ।সাধাৰণতে মানুহে গোটেই জীৱনকালত যিবিলাক মানসিক আঘাট বা সমস্যাৰ সন্মখীন হয় সেইবিলাক  সকালোবোৰ হৈছে কোনো এক নিৰ্দিষ্ট বিষয় নাইবা পৰিস্থিতিৰ লগত বা ওপৰত পৰস্পৰে পৰস্পৰ নিৰ্ভৰশীল ।ফবিয়াৰ সাধাৰণ লক্ষণ সমুহৰ ভিতৰত যদি আমি চাও তেন্তে দেখা পাও  পালপিটেচন (দ্ৰ্তগতিত হ্ৰ্দসস্পন্দন), বমি , মুৰৰ বিষ, দায়েৰিয়া ,অনিদ্ৰা, পেতৰ ৰোগ ,সঘনাই প্ৰ্স্বাৱ , হঠাতে মুৰ্চ্চা যোৱা ,অসুৰক্ষিত বুলি নিজকে ভৱা ইত্যাদি ।ইয়াৰে কিছুমান ফবিয়া ইমানেই নগন্য যে ,সেইবিলাকক প্ৰ্কৃত মানসিক ৰোগ বুলি গন্য কৰিব নোৱাৰি ।আনহাতে  যিবিলাক ফবিয়া অতি গুৰুতৰ , সেইবিলাকে  মানুহৰ দৈনন্দিন জীৱনশৈলীত বাৰুকৈৱে প্ৰ্ভাৱ বিস্তাৰ কৰে ।মনোবৈজ্ঞানিক সকলে ফবিয়াক তিনিতা ভাগত ভাগ কৰিছে ।

(১) সুক্ষম ফবিয়া

(২) এগৰা ফবিয়া ।আৰু

(৩) সামাজিক ফবিয়া ।

সুক্ষম ফবিয়া হৈছে কোনো এক নিৰ্দিষ্ট বস্ত বা পৰিস্থিতিলৈ ভয় কৰা , যেনে জীৱ-জন্তু লৈ ভয় কৰা ,সাপলৈ ভয় কৰা , মেকুৰীলৈ ভয় কৰা , উচ্চতালৈ ভয় কৰা , বন্ধ কোঠালৈ ভয় কৰা ,পানীলৈ ভয় কৰা ইত্যাদি ।এই সুক্ষ্ণম ফবিয়া সমুহ সাধাৰণতে সৰু-সৰু লৰা ছোৱালী আৰু বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় ।অৱশ্যে প্ৰাপ্তবয়স্ক সকলৰ ক্ষেত্ৰতো এনে লক্ষণ দেখা দিয়ে ।

  আনহাতেদি এগৰাফবিয়া হৈছে যত ৰোগীয়ে জনসমাগম বজাৰ ,ষ্টেচন ,ৰাজহুৱা অনুস্থান ,প্ৰ্তিস্থান ,সামাজিক ঠাই আদিলৈ ভয় কৰে ।ৰোগীয়ে এনেবোৰ পৰিস্থিতিত নিজকে খুব অকলশৰীয়া আৰু অসুৰক্ষিত অনুভৱ কৰে ।আৰু পৰাপক্ষত এনেলোকে জনসমাগম বজাৰ ,ষ্টেচন ,ৰাজহুৱা অনুস্থান ,প্ৰ্তিস্থান ,সামাজিক ঠাই আদি পত্যাহাৰ কৰে ।

  সামাজিক ফবিয়া হৈছে সমাজৰ আগত নিজকে মুৰ্খ ,অজ্ঞানী বা অলাগতিয়াল বুলি নিজেই ভাবি ফুৰা বা ভয় কৰা ।এনে লোকে খুব সহজেতে হীনমন্যুতাত ভুগা দেখা যায় ।
  এতিয়া প্ৰশ্ন হৈছে আমি কেনেকৈ এই ফবিয়াসমুহৰ পৰা আতৰত থাকিব পাৰিম ।

  প্ৰ্থমতে আপোনি ভাবি উলিয়াওক আপোনি সাধাৰণতে কি কি বস্তলৈ ভয় কৰে ।উদাসৰনস্বৰুপে আপোনি হয়তু দাতৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ খুব ভয় কৰে কাৰন চিকিৎসকে ব্যৱহাৰ কৰা সেই বেজীটোলৈ আপোনাৰ ভয় , গতিকে এনেক্ষেত্ৰত আপোনি নিজেই বিচাৰ কৰক আপোনাৰ ভয় চিকিৎসক নে সেই বেজীটো ।আপোনি আপোনাৰ ফবিয়াৰ এখন লিষ্ট উলিয়াই লওক যত আপোনি কি কি পৰিস্থিতিত আপোনাৰ ফবিয়াৰ মাত্ৰা আটাইতকৈ বেছি গতিকে এই লিষ্টৰ সহায়ত  আপোনাৰ ফবিয়াৰ মাত্ৰা আগতকৈ কমিছে নে বাঢ়িছে নে একেবাৰে নাইকীয়া হৈ গৈছে , নিজেই বিশ্লেষণ কৰি  উলিয়াব পাৰিব ।বুজি পাওক ভয় খোৱাটো মানুহৰ এক স্বাভাৱিক লক্ষণ ,গতিকে আপোনাৰ ভয়টোক যদি আপোনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে যিকোনো ধৰণৰ ফবিয়াৰ পৰা আপোনি কেতিয়াও বাছি থাকিব নোৱাৰে । ধ্যান , যোগাসন , প্ৰানায়াম  আদিয়ে আপোনাক এই ভয়ক নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে ।আপোনি আপোনাৰ পৰিয়াল নাইবা আপোনাৰ কোনোবা অন্তৰংগ বন্ধু আপোনাৰ ফবিয়াৰ বিষয়ে অৱগত কৰাব পাৰে ।আপোনি যিমানেই আপোনাৰ ভয় লগা পৰিস্থিতি নাইবা বস্তৰ পৰা পলাই নাইবা আতৰি থাকিবলৈ চেষ্টা কৰিব সিমানেই অপোনি ফবিয়াৰ মাত্ৰা বৃদ্ধি কৰিব গতিকে এনে পৰিস্থিতিৰ লগত মোকাবিলা নাইবা মুখামুখি হলহে আপোনি সেই  ভয়ক জয় কৰিব পাৰিব। আজিকালি বহুতো চেলফ হেল্প গ্ৰুপ আছে যি আপোনাক ফবিয়াৰ পৰা মুক্তি পাবলৈ যথেষ্ট সহায় কৰিব , তাৰোপৰি বহুতো ভাল ভাল লেখকৰ  চেলফ হেল্প গ্ৰ্ন্থ আছে যি ফবিয়া কি বুজি পাবলৈ আৰু অধিক সহায়ক হব।

 

Post a Comment

0 Comments