Advertisement

Breaking

6/recent/ticker-posts

সুস্বাস্থ্যৰ বাবে মাটিকঁঠাল


মাটিকঁঠাল খাই ভাল নোপোৱা মানুহ হয়তু খুব কমেই আছে ।বৰ্তমান হৈছে এই সুস্বাদু ফল বিধৰ বতৰ আৰু অসমৰ গাওঁ সমুহৰ প্ৰায়  সকলোবোৰ ঘৰতে এই সময় ছোৱাত এজোপা হলেও মাটিকঁঠাল গছ দেখিবলৈ পোৱা যায়  ।অতি সহজলভ্য এই সুস্বাদু ফলবিধৰ 

সোৱাদ খুব ভাল হয় আৰু ইয়াত যথেষ্ট পৰিমাণে ভিটামিন, এনজাইম আৰু প্ৰাকৃতিক এণ্টিঅক্সিডেনট আদি পোৱা যায় ।যদিও আমি সকলোৱে এই সুস্বাদু ফলবিধক খাই খুব ভাল পাও ,কিন্ত কোনেও হয়তু ইয়াৰ গুনাগুনৰ বিষয়ে অবগত নহয় ।অতি সহজলভ্য এই সুস্বাদু ফলবিধৰ যোগেদি আমাৰ শৰীৰৰ যথেষ্টখিনি উপকাৰ সাধন হয় ।তলত মাটিকঁঠালৰ কিছু গুনাগুন আলোচনা কৰা হল ।


 আমাৰ শৰীৰৰ ইমউন প্ৰণালী শক্তিশালী কৰাত ই যথেষ্ট অৰিহনা যোগায় ।যিহতু মাটিকঁঠালত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায় ই আমাৰ শৰীৰত ৰোগ প্ৰ্তিৰোধ কৰাত সহায় কৰে আৰু ছাল সমুহ মিহি আৰু সতেজ কৰি ৰাখে অতি সহজতে পৰা বয়সৰ চাপ আদিৰ বাবে মাটিকঁঠাল এক উৎকৃষ্ট ফল ,তাৰোপৰি শৰীৰত যিকোনো ঘা সোনকালে শুকোৱাত অৰিহণা যোগায় ।মাটিকঁঠালত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায় ৭৫ % মেংগানিজ পোৱা যায় যি শৰীৰৰ হাড সমুহ আৰূ কনেকটিভ টিছু শক্তিশালী আৰু নিৰোগী কৰাত সহায় কৰে ।মাটিকঁঠালত ডায়েটেৰী ফাইবাৰৰ পৰিমাণ যথেষ্ট বেছি যাৰ সহায়ত আমাৰ শৰীৰৰ পাচন পক্ৰিয়াটো সুচাৰুৰূপে পৰিচালন হৈ থকাত সহায় হয় আৰু লগতে বহুমুত্ৰ ৰোগীসকলৰ বাবেও উপকাৰী ফল ।দৈনন্দিন যদি মাটিকঁঠাল খোৱা হয় তেন্তে কোষ্ঠকাঠিন্য , ডায়েৰীয়া ,ইৰিটেবল বাৱেল ছিন্দ্ৰম আদিৰ পৰা আতৰত থাকিব পাৰি ।মাটিকঁঠালত থকা ভিটামিন চি আৰু ব্ৰ্মেলেইনৰ সহায়ত  যিকোনো ধৰণৰ মাইক্ৰবিয়েল ইনফেকচনৰ পৰা আতৰত থাকিব পাৰি ।চিকিৎসকৰ পৰামৰ্শনুযায়ী যদি মাটিকঁঠাল সেৱন কৰা হয় তেন্তে কাহ আৰু পানীলগা ,চৰ্দী আদিৰ পৰা অতি সহজতে পৰিত্ৰান পাব পাৰি ।অধ্যয়নত গম পোৱা গৈছে মাটিকঁঠাল কৰ্কট ৰোগৰ বাবেও যথেষ্ট উপকাৰী ফল কাৰণ মাটিকঁঠালত প্ৰাকৃতিক এণ্টিঅক্সিডেনট, ভিটামিন এ ,বিটা কেৰটিন আদি পোৱা যায় ।আপোনি যদি উচ্চৰক্ত চাপত ভোগিছে তেন্তে মাটিকঁঠাল খাবলৈ আৰম্ভ কৰক কাৰণ মাটিকঁঠালত পৰ্য্যাপ্ত পৰিমানে পটাছিয়াম আৰু ছদিয়াম পোৱা যায় যি ৰক্তচাপ  নিয়ন্ত্ৰণত সহায় কৰে ।চকুৰ দৃষ্টিশক্তি বৰ্ধনত মাটিকঁঠালৰ ভুমিকা লেখত লবলগীয়া ।যিহেতু মাটিকঁঠালত কেলৰীৰ পৰিমাণ যথেষ্ট কম গতিকে শৰীৰৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণত যথেষ্ট সহায় হয় ।

 

Post a Comment

0 Comments